Show/Hide Keyboard Layout

তৰা অ’ তৰা

- আচুৰ্য্য বৰপাত্ৰ

অ’ অ’ অ’ ...

 

তৰা মোৰ তৰা

আহি ৰাতি ৰাতি ঐ

তৰা মোৰ তৰা

এটি চুমা আঁকি ঐ

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।

 

(মোৰ) তৰা মোৰ তৰা ...

 

লা লা লা ...

 

তৰা ঐ

আয়ে থোৱা হ’লে

আঙুঠি সোণৰে

পিন্ধালোঁহেঁতেন গৈ

তোমাক বিয়াৰে দিনতে

যদিও মই ধনৰে দুখীয়া

পিছে মৰম আকলোৱা

মোৰ সপোনৰ সজাতে

তুমি ওমলি থাকিবা

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।

 

লা লা লা ...

 

তৰা ঐ

ৰাতিপুৱা হ’লে জগাবা

আহি মৰমেৰে

হেঁপাহৰ আমাৰে এখনি ঘ‌ৰ সজাবা

আহি মৰমৰে

(ঐ) বুকুৰ উঠা-নমাবোৰে

কিয়নো আমনি কৰে

সপোনতো মনেনো যায়

তোমাক চাবলে ।।

Hits: 4430